Thursday 26 October 2017

নৱাৰুণ

-Shahina Ahmed


Pic for Representation purpose



অস্তগামী সূৰুযৰ দৰেই
নিশেঃষ হৈ যাব ধৰিছিল হৃদয়ৰ ৰং
বিষাদৰ ডাৱৰৰ অাৰত,
নিস্তেজ হৈ পৰিছিল 
জীৱনৰ জোনাকী পোহৰ;
হেৰুৱাই পেলাইছে যেন চিনাকী বাট....।

অপেক্ষাৰ জীৰ্ণ দুৰ্গত হঠাতে
ৰাজদূতৰ বাৰ্তা.........
বসন্তৰ যে হৈছে অাগমন,
ন-সূৰুযৰ প্ৰথম কিৰণ,
জিলিকনিত সৰি পৰিছে মুকুতা ওঁঠৰ;
নতুন ৰূপত পোখা মেলিছে 
সেউজ সপোনবোৰ...।
এয়া
অাকৌ এবাৰৰ বাবে
 অাঁকোৱালি লবলৈ লৈছো হেঁপাহবোৰ,
পুনৰ অালিংগন কৰিছো জীৱনক!!
বিষাদৰ চাদৰ সোলোকাই থৈ
অাৰম্ভনি যেন এক নতুন দিনৰ.....

No comments:

Post a Comment