Wednesday, 25 October 2017

দীপাৱলীৰ নিশা এটি হাড়গিলাৰ উচুপনি


Pic for Representation purpose

আজিও মই নিশ্চিন্তমনে চৰি আছিলোঁ
সেই মতলীয়া বতাহ জাকৰ সৈতে
খেলি আছিলোঁ
এই পৃথিৱীত মই কম স‌‌ঙ্খ্যকতহে আছোঁ   
আৰু দুঠেঙীয়াবোৰে যে মোক মৰম কৰে
তাকে ভাবি উৎফুল্লিত হৈ আছিলোঁ
কিন্তু------ 
হঠাৎ যেন  কিবা বিচ্ছিন্নতা ঘটিল
আজিৰ ছবি অন্য দিনৰ দৰে নহ'ল

হঠাৎ ওপৰলৈ উঠি যোৱা পোহৰ দেখিলো
আৰু লগতে বিস্ফোৰণ 
এবাৰ নহয় দুবাৰ নহয়
সেই যে আৰম্ভ হ'ল, যেন শেষ নহ'ব‌ই
কিবা কিবি আহি মোৰ আশেপাশেও পৰিল
মোৰ হিয়া শিয়ৰি উঠিল
ভৰি দুখন থ'বলৈ যেন ঠাই নোহোৱা হ'ল
অকণি হৃদয় অথচ জীয়াই থকাৰ হেপাঁহ বহুত
সেয়েহে ভয় নেওচি দিলোঁ এটা উৰণ
হাবি বুলি গৈ পৰিলোঁ এইবাৰ এখন ঠাইত
চাৰিওফালে বৃহৎ অট্টালিকা
আৰু ৰাস্তাৰ মাজত 
চাৰিঠেঙীয়া যন্ত্ৰ বোৰ আৰু মোৰ আপোন মোক  মৰম কৰা
সেই দুঠেঙীয়াবোৰ
মোক দেখি দুঠেঙীয়াবোৰে আগুৰি ধৰিলে
আহ্ , ভাল লাগিল মোৰ মনটো
মোক উদ্ধাৰ  কৰিব হেনো
ইমান দয়াশীল‌ প্ৰাণী----

কিন্তু হঠাৎ
হঠাৎ এইবাৰ মোলৈ  মৰা হ'ল পোহৰ
আৰু তাৰ পিছত এটা ক্লিক্ শব্দ
এজনৰ নহয়, দুজনৰ নহয়
সকলোৰে একেই কাণ্ড
বহু সময় গ'ল ঠিক একেটা ছন্দত
নাই নোৱাৰি-----
মোক যন্ত্ৰণাৰ পৰা মুক্ত কৰা  নাই কেও
হিয়া কপি উঠিল মোৰ
আজিৰ বিজুলী আকাশত মোক আশ্ৰয় দিয়া 
..নাই কোনো দুঠেঙীয়া 
চকুলো ৰখাই ,হিয়া গধূৰ, কিন্তু মন স্থিৰ কৰি
অকণি হৃদয়ত  সাহস গোটাই
অচিন বাটলৈ বুলি ডেউকা মেলিলো