Thursday 16 November 2017

শুভ্ৰ হৃদয়


Pic for Representation purpose


মন দলিচাত  আজি  প্ৰস্ফুটিত 
এপাহি শুকুলা তগৰ ,
হিয়া খনি যেন মোৰ 
নীলাভ অম্বৰ  !

মেঘৰ বোকোচাত জিলিকে
ঊষাৰ ওৰণি,
সেউজী ছাঁয়াত নাচে 
ৰঙীণ ময়ূৰী  ! 

মন দিগন্তত উৰে আজি জাক জাক পখিলী ;
কাৰ বাবে জানো বাট চাওঁ এই নিসংগ আবেলি !

জিৰ্ জিৰ্ সৰি বাৰিষাৰ পানী 
উপচায় আশাৰ হ্ৰদিনী;
ভিজা ভিজা সেউজী ৰঙৰে 
বাট বুলে সপোন বিহগী !

কাণত গুঞ্জিত দূৰণিৰ
জুৰিটিৰ হাঁহিৰ খলকনি ;
নাচি উঠে  আজি হৃদয়ৰ 
চেনেহৰ কলচী  !

নীল নীলিমাৰ সীমাভেদে সপোন পৰী ;
ছটিয়াই চৌদিশে মৰম সাতোৰঙী !

আশাৰ ৰাণীয়ে পিন্ধিছে আজি সোণাৰুৰ আভৰণ ;
ফুলে ফুলে ভ্ৰমৰে আঁকে 
চেনেহৰ কজলা অঞ্জন !

সমীৰৰ ছন্দত স্পন্দিত প্ৰতি নিসংগ লহমা ;
হৃদয়ত মাথোঁ গুঞ্জিত শুকুলা 
তগৰপাহিৰ বেদনা ।।

No comments:

Post a Comment