Saturday 18 November 2017

চাকনৈয়া

-Rakesh Ranjan.
P.C.- Endangeredag.org

"বাইটি, নিজকে অলপ চম্ভালি ল, পোনাকণৰ ফটোখন বুকুত সুমুৱাই হিয়া ঢাকুৰি মৰিলেও সিহঁতি নাহে তোৰ কলিজাৰ ঘাঁ দুখোৰত মলম লগাবলৈ"- অলকা বাইয়ে চাদৰৰ আচলেৰে পাৰভাঙি অহা দুখৰ পাগলাদিয়াক ৰুধিবলে যত্ন কৰে।

মই তাক বাৰে বাৰে সকীয়াইছিলোঁ ৰেঞ্জাৰ ঠিক মানুহ নহয় , তাৰ লগত উঠা বহা কৰাটো ভয়ানক হব পাৰে। সি কৈছিলে "ৰেঞ্জাৰ ছাৰ ভাল মানুহ , আমাৰ কাজিৰঙালৈ বহুত মৰম । আমি জান আই একেলগ হৈ গঁড় হত্যা ৰোধ কৰিব লাগিব "। 
সিদিনা মোৰ পোনাই কলেজৰ পৰা আহি ভাতকেইটা পেটত লৈয়ে ওলাল , বোলে ৰেঞ্জাৰ ছাৰে মাতি পঠিয়াইছে যোৱাটো নিশা চোৰাং চিকাৰীয়ে চাৰিটা গঁড় মৰিয়াইছে ।
গ'ল যি গ'লেই ৰাতি আৰু উভতি নাহিল বাই । ৰাতি ভাতকেইটা বাৰে বাৰে তপতাই চাকিটো হাতত লৈ বাট ঘৰ কৰি তাত বাতি কাঢ়িলো ।
 অচিন দুৰণিত বাই বন্দুকৰ *"গুৰুম" "গুৰুম"*। 
এই বিধৱাৰ বুকু শুদা কৰি পুৱাৰ কাকতত অসমবাসীৰ স্বস্তিৰ নিশ্বাস - *"কাজিৰঙাত বন বিভাগৰ তৎপৰতাত দুধৰ্ষ চোৰাংচিকাৰীৰ নিহত "*।

No comments:

Post a Comment