Thursday, 2 November 2017

ৰজনীগন্ধা..

Pic for Representation purpose


সৃষ্টি জানো নহয় শূন্যতাৰ খেলা..
মহাশূণ্যৰ অজস্ৰ গ্ৰহ – নক্ষত্ৰ 
এটি এটি মাথো অস্থায়ী মৰীচিকা ..
আকাশ জিলিকাই তিৰবিৰ্ কৰা তৰাবোৰ –
শীতল মৃত্যুৱে ইতিমধ্যেই সাৱটি ধৰা 
একো একোটি সোঁৱৰণী হে ।
সেই সোঁৱৰণীৰ মাজে মাজে
পুনঃশ্চ - কিছু নতুন সোঁৱৰণী গঢ়ি 
আমি ভাবিব ধৰোঁ-
হয়তোবা এইবাৰ ই স্থায়ী হ’ব.....

ভুল  ....!!
মৰীচিকাৰ পিছত দৌৰি থকা
আমিবোৰ সকলো ভুল..!

মৰীচিকাবোৰ আশা হৈ আহে 
নে
আশা বোৰ মৰীচিকা অ’....

লুইতখন বৰ আপোন।
লুইতৰ উদাৰ বুকুতেই দেখিছিলোঁ 
জীৱনৰ ছবি,
আঁকিবলৈ শিকিছিলো 
ভৱিষ্যতৰ সোণোৱালী সপোন...
ছাঁ-পোহৰে সজোৱা শুক্ৰেশ্বৰ ঘাট,
অস্তাচলৰ ৰিণিকি ৰিণিকি পোহৰত 
সোণোৱালী হৈ পৰা উমানন্দ – 
এতিয়াও জীয়াই আছে হৃদয়ত..।।

পাগল প্ৰেমিক আমিবোৰ এনেকুৱাই – Cliché..!!
কিন্তু ভাল লাগিছিল –
অকণমান সময় ফিল্মী Utopia ৰ
সুগন্ধি নিচাত বুৰ যাবলৈ। 
ৰাঙলী লুইতখনিৰ লগতে উটি গৈছিলোঁ আমিও-
সেই ৰাগীয়াল সোঁতত। 
ৰিব্ ৰিব্ বতাহ জাক 
আমাৰ মাজেৰে বিচাৰি নাপাই বাট-
কাষেৰে পাৰ হৈ গৈছিল অভিমান কৰি।
আমিও ভাবিছিলো-
এই অভিমানী বতাহ জাক কেৱল আমাৰেই..!

কিন্তু এই চাল্লা লুইতখন বৰ নিষ্ঠুৰ জাননে ??
কত কি সপোন দেখি মাতাল হওঁ আমি –
লুইতৰ ৰাগীয়াল ৰঙাখিনিত বুকু ৰাঙলী হয়..
হৃদয় ভৰি পৰা সুখত
জঠৰ হৈ উঠে দুয়োৰে ওঁঠ..
কোনেও ভাবি নাপাই-
এইবোৰ চব্ চাল্লা Dopamine, Endorphin ৰ 
একোটা সংযমহীন চক্ৰবেহু ..!!

লুইত বৈ থাকে –
নিৰৱধি। 

আমিবোৰে পাৰত বহি 
সপোন সাজোঁ-
লুইতখনি কিন্তু বৈয়েই থাকে। 

উমানন্দ-
সি ও নীৰৱ দৰ্শক। 
লুইত বৈ থাকে মানে 
এচটা শিল হৈ
ৰৈ থাকিব সিও।

বাৰু  - 
লুইতে জানো কোনোদিন বিচাৰিছে সংগ?

কাৰোবাৰ কঁপি উঠা ওঁঠৰ 
বা
কোমল বাহুৰ স্পৰ্শ বিচাৰি 
মাতাল হৈছে জানো লুইত ..?

বতাহ নসৰকা আলিঙ্গন অবিহনেও
লুইতখনি জানো সম্পূৰ্ণ নহয় ?
মহাবাহুক মৰীচিকা নালাগে ..
তাৰ দুৰ্দ্দান্ত নিঃসংগতাৰ মাজতে বহি
তাচপাতৰ ঘৰ সাজে মাতালবোৰে..!!

তই আজি সম্পূৰ্ণ -
ময়ো সম্পূৰ্ণ। 
নিজস্ব অসম্পূৰ্ণতাক সাবটি লোৱা,
সময়ে শিক্ষা দিয়া আমি - 
আজি পূৰ্ণাংগ মানুহ। 

তই সুবাস বিলাই যা –
সুবাসৰ কোনো পৰিধি নাই।
তই অভিমানী বতাহজাক  সুবাসিত কৰ
সি লৈ যাব তোক –
দূৰলৈ ...
দিগন্তলৈ...

আলিঙ্গন কৰি চা –
নিজৰ অসম্পূৰ্ণতাক। 

তই নহ’লে যেন আধৰুৱা  হৈ ৰওক
সম্পূৰ্ণ পবিত্ৰতাও,
তোৰ অকণমান সুবাসৰ বাবে
মৰীচিকা খেদি আহক মাতালবোৰ,
তোৰ সুবাসত
ৰাগীয়াল হৈ পৰক সন্ধিয়াবোৰ।

পৰিধিবিহীন লুইতখনিৰ নিষ্ঠুৰতা-
মৃত তৰাৰ মৰা সোঁৱৰণী-
বলিয়া উমানন্দৰ মিছা ৰূপ নহয়,
তই আশা ভৰা এক মৰূদ্যান হৈ ৰ।

কাৰ বাবে..?!
নিজৰ বাবে –
আমাৰ বাবে..!

জীৱনত এটুপি সুখ,
অকণমান আশাৰ বাবে
হাবাথুৰি খাই খাই বাগৰি ফুৰা
আমিবোৰ আহিম
তোৰ কাষত জিৰাবলৈ।
কথা পাতিম, তোৰ লগত
নিজৰ কথা , তোৰ কথা...

আমিবোৰ বলিয়া। 
মৰমবোৰ শুকাই উকা হৈ পৰা
পাষাণ হৃদয়ৰ ওজন
বুকুত বান্ধি লৈ ফুৰা আমিবোৰ –
একোটা জৰাজীৰ্ণ প্ৰাণ । 

আমি আহিম তোৰ কাষলৈ..
অকণমান সুবাস বিচাৰি, 
তই কেৱল সুবাস বিলাই যাবি ... 
কেৱল সুবাস ...

কাৰণ - তই ৰজনীগন্ধা  ।।