Wednesday 15 November 2017

প্ৰস্তাৱনা

-Paranjyoti Nath.


Pic for Representation purpose


তই আছিলি 
জোনবাইজনীৰ পিনে চাই 
সন্ধ্যাতৰাই কঢ়া এটা হুমুনিয়াহ ।
হুমুনিয়াহ  ??
বিশৃংখল মনৰ বিভ্ৰান্ত চিন্তা ।
 হুমুনিয়াহ নাছিলি তই ।
সময়ে গোৱা এটি মিঠা সুৰ ।। 
তোৰ ঢৌ খেলা চুলিৰ বতাহে 
মনত বজাইছিল চিফুংৰ এটি মিঠা সুৰ। 
কহুঁৱাৰ দৰে নাচি থকা তোৰ মন আছিল 
মোৰ খৰাং হৃদয়ত বৰষুণৰ গান । 
কমিহাড়ঁৰ ফাকেৰে ভুৰুংকে উৰামাৰিচিল 
তোৰ নামৰ প্ৰেমৰ চৰাই  ।।

সময়

ফাগুন আহিছিল । 
সপোনে শিপা দিছিল কলিজাত  ।
মদাৰ ফুলে লৈছিল মিঠা উশাহ । 
কিন্তু তই  বতাহত নাচিছিলি  শিমলূৰ তুলাহৈ ।
সুৰবোৰ চাগে মিলা নাছিল । 
"  মিলে সুৰ মেৰা তুমহাৰা " 
বচ্চন চাহাবৰ কন্ঠত পাইছিলো 
ইতিকিংৰ হাঁহি ।
ফুলবোৰ সৰিছিল 
আৰু তলভৰা মদাৰে গাইছিল বিষাদৰ গান । 



বাস্তৱ



বন্ধুত্ব । 
বেষ্টফ্ৰেন্ডৰ ধব্বা খোদিত কৰা
এডাল ব্ৰেচলেট ।
আৰু এজাক বেইমান বৰষুণ 
আৰু 
হৃদয়ৰ আংগনত জংগলী নাচ । 
অন্ধকাৰ গলিবোৰত বিচাৰিছিলো 
তোৰ চকুৰ নিচাৰ  remedy  । 
শুধৰণি 
 চাগে 
তোৰ মোৰ ভালপোৱাৰ বৰণত
পাৰ্থক্য আছিলে ।
চাগে 
ভুৰুংকে উৰা মৰা মোৰ মন
চৰাই তোৰ চকুত পৰা নাছিলে ।
চাগে 
জোনবাই  আৰু ভোটাতৰাৰ কাহিনী  
তোৰ মোৰ  ছবি আছিলে । 



সামৰণি



হোমৰ জুই আৰু খৰিৰ কথাবৰ্তা
" বন্ধুত্ব যদি প্ৰেম হয় আৰু তাত থাকে একপক্ষীয়তা"
তেখেতৰ  নামৰ তোৰ সেন্দুৰে মোৰ পিনে 
চাই হাঁহিছিল 
আৰু মই হাঁহিছিলো 



তোৰ মোৰ বন্ধুত্বৰ নামত।।। 

No comments:

Post a Comment