Thursday 8 March 2018

ফাগুন



ফাগুন মানে হেনো প্ৰেম
সিহঁতে কৈছিল প্ৰেমক প্ৰমাণ লাগে
কিন্তু ...মই যে অপাৰগ প্ৰমাণ দিবলৈ
এটি নতুন,সেউজীয়া জীৱন জগাই তুলিবলৈ ...
হৃদয় মোৰ ক্ষত-বিক্ষত সমালোচনাৰে
তেজ হৈ বৈ আহে মদাৰ,শিমলুৰ পাহি
থিয় হৈ ৰ'ম তথাপি
সৌ লঠঙা গছজোপাৰ দৰে
সৰাপাতবোৰ হৈ ৰ'ব এটি-এটি পৃষ্ঠা
মোৰ জীৱন দস্তাবেজৰ ...
আৰু উন্মাদ পছোৱাজাকটো আছেই
ধূলিৰ ধুমুহাৰে ঢাকি ধৰিবলৈ
ভগ্নাবশেষ, মাতৃত্বৰ মিঠা অনুভৱৰ ।

ভুল, ভুল কৈছিল সিহঁতে
উৰ্বৰা নহলো বুলিয়েই জানো মই আধৰুৱা ?
মাতৃ নহলো বুলিয়েই জানো মই অসম্পূৰ্ণা ?
মইতো ফাগুন ...উন্মনা-উতলা ফাগুন ...
নিস্প্ৰভ নহয়, নিস্পন্দ নহয়
পলাশৰ জুইৰে অগ্নিস্নাতা মই ...
আবিৰ- গুলালেৰে ৰঙীন মই ।।

No comments:

Post a Comment