Sunday 7 October 2018

অসন্তুলন

অভিজিত বৰা

Image source: Google


পাৰাপাৰহীন মহাসমুদ্ৰৰ এক প্ৰান্তত
          নীলিম শূন্যতাৰ আৱৰণৰ মাজত,
প্ৰজ্ঞাৰ শলিতা জ্বলাই দূৰ কৰাৰ হাবিয়াস
          অন্তৰৰ দাবানলময়ী ক্ষুধা।

শান্তিহীনতাৰ পাৰিপৰ্শ্বিকতাৰ হেন্দোলনিৰ মাজত
          আক্ষেপ কৰি ৰৈছে নিৰ্জনতাই ;

তেন্তে ক্ষুব্ধ হৃদয়ৰ স্থিতপ্ৰজ্ঞাক
          জীৱন্ত কৰাৰ প্ৰয়োজন মোৰ;
কিন্তু ,কোনে বাধা দিয়ে ........
         পৰিহাসময়ী জীৱনৰ নবৰূপৰ পৰিকল্পনাক?

এখন নিৰ্মল হৃদয়ৰ বক্ষত
         কাৰ বাবে ৰৈ যায় .....
              মোহময়ী জোনাকময় কক্ষ
যি কক্ষই আকোৱালি লয়
         অনাকাংক্ষীত ,কিন্তু....
প্ৰাণস্পৰ্শী লোকক বিনাদ্বির্ধাই!

আতুৰ প্ৰাণত জ্বলাই দিয়ে
         নিৰ্জনতাত নিৰ্বাপিত হ'ব ধৰা শলিতা ,
কিন্তু,চিৰদিন থাকি যায়নে....
         শলিতাৰ তমসানাশী শক্তি?

মনৰ উন্মাদনাত অবিলম্বিত ভাৱবোৰে যেন
         প্ৰতিধ্বনি তোলে হিয়াৰ কোণত,
মূৰ্ছনাময়ী সঙ্গীতৰ তালত যেন
         তৃপ্তি লয় আকুলিত হৃদয়ে।

পৃথিৱী!!....মই এতিয়া তোমাৰ বক্ষত নাই ।

মৰীচিকাময়ী আত্মকেন্দ্ৰিক চুনামীয়ে
            লৈ গ'ল মোক অসন্তুলিত জলৰাশিলৈ।।

অকলশৰীয়া মই !

এতিয়া মাথোঁ শুনিব পাইছোঁ ...
           সেই দৰদী নিয়তিৰ উত্তাল কিৰিলী,
অস্ত যোৱা উন্মাদনাৰ ৰক্তত
           প্ৰত্যুত্তৰৰ কোনো চিন-চাব নাই ।
অনিবাৰ্য শিহৰণকাৰী কালৰ দলিছাইদি
           পামনে এক নতুন জীৱনৰ আদৰণি???
                   
                            

No comments:

Post a Comment