Thursday 19 October 2017

এটা নষ্ট ল'ৰাৰ স্বীকাৰোক্তি

- Abinash Kalita


Pic for Representation purpose



জোনাক নিশা নিজান কোঠাত
নীৰৱতাৰ লগত আলাপ কৰি
উভতি চাইছোঁ‌ এবাৰ অতীতক
য'ত দেখিছো মাথোঁ‌ এৰি অহা
অতীতৰ সোণালী মধুময় মূহুৰ্তবোৰ ।



দেউতা,তোক ক'বলৈ বহু কথায়ে আছে
আজি তোক সকলোখিনিয়ে ক'ম---
সেই যে দুবছৰ আগতে
কান্ধত বেগবোৰৰ বোজা লৈ
তই মোক হোষ্টেলত থৈ গৈছিলি
সেইয়া বাৰু তোৰ মনত আছেনে???

সৰুতে মাই যে মোক আৰু তোক
এৰি চিৰদিনলৈ গুচি গৈছিল,
তেতিয়াতো মাৰ মৰমখিনিও
মোক তইয়েই দিছিলি অ' দেউতা ।

মনত আছে নে সেই কথাবোৰ---
তই যে মোক কৈছিলি,
"মোৰ আশা আৰু ভৰষাৰ থলি
আন কোনো নাই অ' বোপা,
তইয়ে মোৰ সকলো সুখ,সকলো সম্পত্তি !!"

এতিয়া পিছে সময় বহু সলনি হ'ল
সময়ৰ সোঁ‌তত মইয়ো সলনি হ'লো
গাঁ‌ৱৰ আইতাহঁ‌তৰ মৰমবোৰ যেন
মোক আৰু এতিয়া প্ৰয়োজন নাই ।

তই জাননে যে তই মোক আগতে
কেতিয়াবা মৰমত গালিও পাৰিছিলি
তোৰ তিতা লগা গালিবোৰ সোৱাদ
এতিয়াহে ভালকৈ পাইছোঁ‌---
ভোদকাৰ এলকহল আৰু
চিগাৰেটৰ নিকোটিনতকৈ তোৰ
গালিবোৰ বেছি সোৱাদৰ আছিল অ' ।

বিষাদেও যেন চিগাৰেটৰ ধোঁ‌ৱাৰ
লগতহে খেলে আজি কালি,
তোৰ মৰমবোৰৰ স্মৃতিয়ে
এতিয়াও যেন বুকুখন জ্বলাইছে মোৰ ।

তোৰ সৰল চিন্তাতকৈ এই মহানগৰ
বহুত বেছি জটিল অ' দেউতা ।
৫০০ টকাতে ৰাতিৰ সংগীৰ
মায়াৱী জালত পৰিব পাৰি,
দামী বন্ধু নহ'লে ইয়াত নচলে অ'
দামী লগ মানে আকৌ দামী গাড়ী,
সিহঁ‌তৰ লগত গোটেই ৰাতিৰ পাৰ্টি
য'ত সংগী হয় ধনী ধনী ঘৰৰ নাৰী ।

জোনাক নিশা নিজান কোঠাত
নীৰৱতাৰ লগত আলাপ কৰি
উভতি চাইছোঁ‌ এবাৰ অতীতক
য'ত দেখিছো মাথোঁ‌ এৰি অহা
অতীতৰ সোণালী মধুময় মূহুৰ্তবোৰ ।

কিমাননো ক'ম আৰু এইবোৰ
ক'বলৈতো বহু কথায়ে আছিল
কিন্তু বুকুখন ক'বলৈ ধৰিলে
বিষাব ধৰে দেখোঁ‌,অলপ নহয়
বেছিকৈয়ে বিষাইছে দেখোন অ' দেউতা ।

ক্ষমা নকৰিলেও তই মোক 
এবাৰ আহি মাত লগাবিচোন !!
বেছিদিন এনেও নাথাকোঁ‌ অ',
থকাদিনকেইটাত এবাৰ তোক 
চাব মন আছিল অ' দেউতা !!
গাঁ‌ৱত মোৰ কথা সুধিলে
আজি তোক কোৱা কথাবোৰ
আৰু লগতে ক'বি যে
এইয়া আছিল---
এটা নষ্ট ল'ৰাৰ স্বীকাৰোক্তি ।।

No comments:

Post a Comment