Friday 20 October 2017

নিশাৰ ৰহস্য

- শ্ৰুতিলেখা দেৱী

Pic for Representation purpose


নিশাটিয়ে কঢ়িয়াই আনে বহু স্মৃতি।
জোনাকী পৰুৱাৰে প্ৰথম চিনাকি,
পপীয়া তৰাৰ দৌৰ,
জিলিৰ অহৰহ চিঞৰ।
কোনোবাদিনা ফটফটিয়া শীতল আভা,
আনদিনাখন ঘিটমিটিয়া আন্ধাৰ।
.
নিশাটি যেন এখন দা ভিন্সিৰ মাষ্টাৰপিছ!
কেনভাছৰ প্ৰতি কোণত অনেক উপাদান,
প্ৰতিটোৰে অন্তৰ্নিহিত অৰ্থ।
.
যেন আৰ্য্যভট্তৰ শূন্য!
শূন্যতাৰ গৰ্ভতেই লুকাই থাকে পূৰ্ণতা,
যিদৰে নিশাটিয়ে লুকুৱাই ৰাখে দিনৰ পোহৰ।

No comments:

Post a Comment