Wednesday, 18 October 2017

"কঙালী"

- প্ৰজ্ঞান জ্যোতি ভৰদ্বাজ 

Pic for Representation purpose



আই লখিমী !
কিদৰে আদৰো তোক আজি...
তেজক পানী কৰি সপোন সিঁচা পথাৰখনত
কবলৈ কেৱল বোকা আৰু বালি হে ৰৈছেগৈ
ধাননিডৰা ঠন ধৰি উঠিব নেপাওঁতেই
তিনি বানে মোহাৰি মাৰিলে অ' আই !


কিমান যে হেঁপাহ আছিল...
আহিনৰ শেষলৈ ঠোকবোৰ ওলাব
পথাৰখন সেউজীয়া হৈ পৰিব
কঙালীত আকৌ চাকি জ্বলাই তোক আদৰিবৰ হব,
এগছ ধাননিৰ মাজত, এগছ তুলসীৰ তলত ।

এইবাৰ পিছে আহিবিনে তই?
মৰিশালি হৈ পৰা পথাৰখনকে চাই যাবি এবাৰ
ভঁৰালঘৰতোৰ হুমুনিয়াহবোৰো হয়তো শুনি পাবি
কি কৰো তইয়ে কছোন আই !
এইবাৰ কঙালী যে সঁচাকৈয়ে কঙালী হ'ল ॥