Wednesday 18 October 2017

এটা বগা ৰঙৰ প্ৰশ্ন

Jyoti Prasad Bhattacharya


জেচমিন জানা.....
ডিঙি ফালি কান্দিলেও আজিকালি মোৰ চকুপানী নোলায়..!

চিগাৰেট খাওঁ.... হয় তোমাক পাহৰিব খাওঁ!
আমি যে আগত চাহ খোৱা সেই চাৰিআলিৰ দোকানটো
তাত  সদায় বহি আড্ডা দিওঁ
কিন্তু চাল্লা...
তোমাৰ প্ৰেমৰ দৰে চিগাৰেট ডাল ও সদায় মোক জ্বলাই  ভাল পায়!!





 জানা জেচমিন ...
তোমাৰ বৈ পৰা চেলাউৰীৰে আবদ্ধ নীলা চকুৰ কাজলে ..
আজিও মোৰ কলিজা চেপি ভোটকাৰ পেগ বনায়!!
হয় তুমি বগা ৰং ভাল পোৱা!
 তাজমহল ভাল পোৱা!!
 তেন্তে আজি কিয় নিজৰ বগা ৰংটোৱে কষ্ট দিয়ে তোমাক...
কিয় মোৰ আবেদনক সংজ্ঞা দিয়া কঁকালৰ ভাজবোৰ 
আজি ঢাকি ধৰা তুমি.....!!!!

শুনা জেচমিন ;তুমি কুশলে নাথাকিবা।।।।
মনৰ পৰা কৈছোঁ নাথাকিবা!!
কাৰণ তুমি কুশলে থাকিলে 
তোমাৰ প্রিয় বগা ৰংটোৱে মোক সাজি দিব
 "ব্যৰ্থ প্ৰেমিক"!!!



No comments:

Post a Comment