Sunday 29 October 2017

এটি বেদনাৰ স্বৰগম !!!




 "অ' বৰষা ৰাণী"

           ধৰাৰ জীৱন তটিনী;

 আমাক নিঠৰুৱা কৰি 

             ক'ত হেৰাই গ'লি!!!  চিৰালফটা পথাৰৰশুষ্ক ভূমিত

   নিগৰে আমাৰ নিষ্প্ৰাণ 

      চকুলোটুপি ;

নিৰ্বাক কণ্ঠৰে পখীটিয়েও 

    কৰে সজীৱতাৰ আকুল

       মিনতি !!!

ক'ত জলপূৰ্ণ সেউজী পথাৰ ?

ক'ত দুচকুৰ সোণালী সপোনৰ পোহাৰ ?

      আছে মাথো বাস্তৱৰ শিলত ত্ৰস্ত আহত শৰীৰ  আমাৰ!!!    

       সেয়া আকাশত উন্মত্ত সূৰুযৰ তেজস্বী বহ্নি;

          আৰু ধৰাৰ কোলাত আজি স্তব্ধ প্ৰবাহিত   স্ৰোতস্বিনী!

স্তব্ধ পৱন ! 

স্তব্ধ জীৱন!

তথাপি সজীৱ মাথোঁ এটি সপোন ;  


  " বাজি উঠিব মেঘৰ দুন্দুভি ;

     চমকিব বিজুলী !

     গৰজিব বজ্ৰধ্বনি

     কাণত মাথোঁ গুঞ্জিব ;

      বৰষাৰ নূপূৰৰ 

   "ৰিম্ ঝিম্ " , ৰিম্ ঝিম্ 

        স্বৰটি !!!
Attachments area

No comments:

Post a Comment