Saturday 21 October 2017

Insomnia


Pic for Representation purpose


খোলা খিৰিকীখনেৰে 
ৰূপোৱালী জোনাকবোৰ
থোপে থোপে সোমাইছে;
শালি ধানৰ পথাৰ খনত
এটি দুটি জোনাকী পৰুৱাই
জোনাকী নৃত্য কৰিছে।
দূৰৈত সেয়া কিহৰ নিনাদ?

বিচনাত বহুত বাৰ বাগৰ সলালো।
নিদ্ৰা ৰাণীয়ে আজি মোৰ ওপৰত
ঠেঁহ পাতিছে।

সাগৰ, 
হাতিপতিৰ সাগৰ;
জোনটি যেন নাৱৰীয়া।
সেয়া দেখোন এটি উল্কা তৰা;
"সোনকালে টোপনি আহিলেই হয়
কাহিলী পুৱাতে বাছ ধৰিবলৈ আছে।"
কোৱা শুনিছোঁ, উল্কা তৰাই বোলে
মনোবাঞ্ছা পূৰণ কৰে।


No comments:

Post a Comment