Saturday 21 October 2017

এটা অকবিতা


Pic for Representation purpose


হৃদয়ৰ কোনো এক নিভৃত কোণত আছিলা তুমি 
প্ৰাণ পাই উঠিছিল কিছুমান উষ্ণ অনুভূতিয়ে, কিছুমান বাস্তবিত হব নোৱাৰা সপোনে 
মানসপটত দৃশ্যায়িত কৰিব খুজিছিলো সেই কুমলীয়া সপোনৰ কলিটি
তুমি হাঁহি হাঁহি ইতিকিং কৰিছিলা মোক,
বুজাই দিছিলা সেই নিৰৱ যাত্ৰাৰ এক কৰুণ পৰিণতি,
জীৱনত প্ৰথমবাৰৰ কাৰনে সন্মুখীন হৈছিলো প্ৰতাৰনাৰ
নিশব্দে হাঁহি উঠিছিলো অন্তৰৰ দুখ যন্ত্ৰনাৰ পোৰণিত৷

       
Attachments area

No comments:

Post a Comment