Friday 20 October 2017

ফটোফ্ৰেম

Jyoti Prasad Bhattacharya




দুহেজাৰটকীয়া এখনৰ দৰে 
জিলিকি থাকে তাৰ অভিমান....;
ফুটপাথৰ দাঁতিত ভুকা কুকুৰটোৱে 
তাক দেখি নেজ নোমায়..!

আচ্ছা;
 ফেচবুক একাউণ্ট চেক্ কৰিলে 
তাৰ প্ৰফাইলত *"1000 likes"*
 কেটৰিনা; দিপীকাৰ নিচিনা 
মায়াবী চকুৰ প্ৰেমিক সি 
আৰু
চুবলৈ ভাল পায় লাহী দেহা....!

শুনিছোঁ দেখিবলৈ হেন্ডচাম আৰু
বিয়েৰ খাবলৈ লাজ তাৰ 
যেনেদৰে বিষ নথকা সাপৰ খুটিবলৈ লাজ!

তথাপি প্ৰতি সন্ধিয়া 
সি আৰু এখনি ফটোফ্ৰেম অকলশৰীয়া হৈ ৰয়...!
কঁচুপাতৰ পানীৰ লেখীয়া 
চুৰমাৰ হয় তাৰ অভিমান....;
আৰু
ভুকি থকা কুকুৰবোৰ ও স্তব্ধ হৈ চাই ৰয়
তাৰ কপা হাতৰ পৰি ৰোৱা 
*শুকান ফুলৰ মালা*!!!

No comments:

Post a Comment