Friday 20 October 2017

এমুঠি জোনাক

Kaveri Gangotri


Pic for Representation purpose


জীৱন অমানিশাৰ সিক্ত গধূলি
হেৰাই গৈছে দুপৰৰ
 ৰ'দালি !
প্ৰত্যাঽবানৰ আঘাতত স্তব্ধ
 সপোনৰ  সমীৰ   জাকি ,
বিচাৰিছো মাথো নিয়ঁৰৰ 
সিক্ত   দলিচাখনি  ,
য'ত আছে আশাৰ
আলসুৱা নিজৰাটি।



  যান্ৰিকতাত শুষ্ক আজি জীপাল মনটি ,
   আঽবান মাথো অভিমানী মনৰ এটুপি চকুপানী।
আশাৰ ঢৌত হেৰাই গ'ল
 জীৱনৰ শ্যামলী বৰণ,,
হেঁপাহৰ ছাঁয়াত লুকাই আজি
মোৰ প্ৰতি পল -অনুপল ।
উপেক্ষাৰ অভিমান আজি সপোন  বিহগীৰ;
মন -দাপোনত দেখো  
 তাৰেই প্ৰতিচ্ছবি !

মিঠা শেৱালিৰ সুবাসৰ মাজত 
 বিচাৰো নিজক ;
সেউজী ধৰণীৰ বোকোচাই 
দিয়ে শান্তি প্ৰাণক;
সিক্ত দুচকুৰে চাই পূৰ্ণিমাৰ 
জোনটি ,
দুহাতত বিচাৰো মাথো 
ৰূপালী জোনাক এমুঠি!!!

No comments:

Post a Comment