Wednesday 1 November 2017

অভিশপ্ত স্মৃতি

-Prajnan Jyoti Bhardwaj.
Pic for Representation purpose



ব্যস্ততাৰ কোলাহল ওফৰাই প্ৰচণ্ড গৰ্জ্জনে 
সেইদিনা কঁপাই তুলিছিল মহানগৰীৰ বুকু
ছিন্ন-ভিন্ন হৈছিল আধুনিকতা
এফালে মৃত্যুৰ কিৰীলি 
আনফালে জীৱনৰ আৰ্তনাদ
সময় সেইদিনা মৌন হৈ ৰৈছিল ।

দিনতেই নামিছিল সেইদিনা
অমানিশাৰ অন্ধকাৰৰ বন্যা
উটোৱাই নিছিল কাৰোবাৰ শিৰৰ সেন্দুৰ 
শূন্য হৈছিল কাৰোবাৰ ঘৰ, কাৰোবাৰ বুকু
মাতিছিল কাৰোবাৰ বাবে পংগুত্বৰ অভিশাপ
কাক সান্ত্বনা দিব?
কাৰ চকুলো সামৰিব?
সময় সেইদিনা অসহায় হৈ পৰিছিল ।

আতংকৰ আগ্ৰাসী ধুঁৱাত
ক'লা হৈ পৰিছিল আকাশ
বিলিন হৈছিল জীৱনৰ ৰংবোৰ
কেঁচা তেজেৰে পিয়াহ পলুৱাই
দাও দাওকৈ জ্বলি উঠা জুইকুৰা
আৰু যেন বেছি ৰঙা হৈ উঠিছিল
তেজ আৰু ধুঁৱাৰ বিভৎস ফাকুৱাত
সময়ে সেইদিনা দৃষ্টি হেৰুৱাইছিল ।

আজি আকৌ এবাৰ মেলি লৈছে সময়ে
মহানগৰীৰ দস্তাবেজৰ সেই ক'লা অধ্যায়
কঢ়িয়াইছে সেই অভিশপ্ত স্মৃতি
ভাবিছে, জীৱনে যদি ন্যায় বিচাৰে আজি
আকৌ যদি প্ৰশ্ন কৰে
দিব পাৰিবনে বাৰু উত্তৰ
বিচাৰৰ তুলাচনীখনৰ পৰা যে আজিও গুছা নাই
এলান্ধু আৰু মামৰ ॥
                                        

No comments:

Post a Comment