Friday 17 November 2017

"নিসংগতাৰ কোৰ্হাল"

Shahina Ahmed.

Pic for Representation purpose


নিসংগ দীঘলীয়া নিঃশ্বাসবোৰ
সৰি পৰি
অাৰু শূণ্য কৰি দিছে হৃদয়খন ।
প্ৰাপ্তিৰ প্ৰত্যাশাতে 
হেৰুৱাৰ বোজা গধূৰ হৈ গৈছে ক্ৰমশঃ....
অাৰু মই
কক্ বকাই অাছো
শূণ্যতাৰ মহাসাগৰত ।

নিৰ্জনতা যদি হয় প্ৰিয় সংগ
অাৰু নিৰৱতা হৈ পৰে ওঁঠৰ ভাষা,
অালোড়িত হব পাৰে জানো
 পুনৰ সপোনবোৰ ?
জীৱন যেতিয়া হৈ পৰে তৈলহীন চাকিৰ
এক নিষ্প্ৰভ শলিতা !

নিসংগতাক সাৱটি লৈ 
ঘূৰি থাকো প্ৰশ্নৰ চাকনৈয়াত--
অপ্ৰাপ্তিয়ে দিয়েনে
    শূণ্যতাৰ ঠিকনা !!
নে শূণ্যতাতেই সৃষ্টি হয়
    অপ্ৰাপ্তিৰ বেদনা ??

No comments:

Post a Comment