Friday 17 November 2017

ডায়েৰীৰ নিলিখা পৃষ্ঠাবোৰ

-Jyoti Prasad Bhattacharya.


Pic for Representation purpose



ডায়েৰীৰ নিলিখা পৃষ্ঠাবোৰে খুব আমনি কৰে মোক....!
"ৰত্ন একাপ ৰঙা চাহ  বনাচোন"
হয়! ৰত্নৰ চাহ কাপে আমাৰ বৰফ হোৱা  বন্ধুত্বৰ যন্ত্ৰণা
গলাই পানী কৰে...!
ধুমুহাৰ দৰে অঘৰী মোৰ কলিজা!
ভাবিছোঁ;গুৱাহাটীৰ মাজমজিয়াত
আমাৰ বন্ধুত্বৰ পোষ্টাৰ লগাম.....!
সাক্ষী হব ফেচবুকৰ পুৰণি একাউন্ট!!
নিজক বিচাৰি নাপালেও তোমাৰ হাঁহিৰ কোমল স্পৰ্শই মোক জীয়াই ৰাখে....!

খুব গাঢ় তোমাৰ দুচকুৰ কাজল...;
বাৰে বাৰে নিবিচাৰিলেও
বন্দী হয় মোৰ আবেগ..!

"হেল্লো! হেল্লো মই কৈছোঁ...তোমাৰ বন্ধু!
পোৱা নাইনে চিনি??"
কবলৈ দুঃখিত যে আজিকালি তোমাৰ ফোন নম্বৰত এনেকৈয়ে উত্তৰ আহে *"ৰং নম্বৰ"*!!
হয় আমাৰ বন্ধুত্ব
প্ৰেমৰ কাঁইটেৰে সজোৱা সাগৰফেনা..!!
আজি..
     জৰাজীৰ্ণ মোৰ সপোনবোৰে
হয়তো বন্ধুত্বৰ সোঁৱৰণিত
নিতৌ চিগাৰেট হুপে...
উফ ক্ষমা কৰিবা বান্ধৱী!!
পাহৰিছিলোঁ যে চিগাৰেটৰ ধোঁৱাই তোমাক আমনি কৰে...!!!
মোৰ বন্ধুত্ত্বই তোমাক হাঁহিব শিকাইছিল
শিকাইছিল গাবলৈ জুবিনৰ *হিয়া দিয়া নিয়া*
তোমাৰ ইচ্ছাত যেন মই জোনাকক টানি আনিছিলোঁ মেঘৰ মাজৰ পৰা ...
জানা
মোৰ *বন্ধুত্ব যদি প্ৰেম হয় আৰু সেই প্ৰেমত যদি আছে একপক্ষীয়তা*
তেন্তে তুমি চিন্তা নকৰিবা বান্ধৱী
মই দেৱদাস হৈ নাযাওঁ...!
তুমি যদি গোলাপ হোৱা
তোমাৰ কাঁইট হৈ জীয়াই থাকিম
তুমি যদি জুই হোৱা
মৰুভূমি হৈ তোমাক সহিম....!
শেষত যিদিনা ৰঙা জিলিকা সাজত হব তোমাৰ বিদায়...
হয়তো  ভণ্ড প্ৰেমিক হৈ বন্ধুত্বৰ
কবিতা লিখিম
হয় লিখিম তুমি মোৰ মমতাজ
আৰু মোৰ কলিজা ভীক্ষাৰীৰ তাজমহল!

No comments:

Post a Comment