![]() |
Pic for Representation purpose
|
.. তই ভয় নাখাবি....!
মানুহ নামৰ দেৱতাৰে ধন্য পৃথিৱীত তোৰ জন্ম......!
জোনাক তোৰ প্ৰহৰী...!
দেখিবলৈ কূটচিত যদি তই আৰু সুৰক্ষিত...!
মানুহ নামৰ দেৱতাৰে ধন্য পৃথিৱীত তোৰ জন্ম......!
জোনাক তোৰ প্ৰহৰী...!
দেখিবলৈ কূটচিত যদি তই আৰু সুৰক্ষিত...!
খুব ধুনীয়া ও মইনা
তোক মই দিয়া চুটি ৰঙা ফ্ৰকটি বৰ মৰম লগা...
পিছে ভয় নকৰিবি কাৰণ
ৰাস্তাৰ কুকুৰবোৰে ভুকিব পাৰে দেখা পালে তোৰ বগা নিমজ ভৰিখন...!
চকুযুৰিত কাজল ও লগাই নাহিবি মইনা...
তোৰ সৌন্দৰ্য্যৰ শৰে বিন্ধিব পাৰে মাতাল হাতীৰ বুকুত...!
আৰু তোৰ ৰঙা পাহিৰ উঠদুটা পাৰিলে ঢাকি লবি ৰুমালেৰে ....
কিন্তু তই ভয় নাখাবি মইনা....!

নিৰ্ভয়া তই...!জানো নহয় তোৰ চিঞঁৰবোৰে চুনামি আনিব পাৰে !!
তোৰ আঁচোৰ বোৰে বাঘৰ দৰে মঙহ টানিব জানে...!!
তোৰ আঁচোৰ বোৰে বাঘৰ দৰে মঙহ টানিব জানে...!!
ফুলেৰে সাজি ৰাখিম এই পৃথিৱী...তই মইনা আহিবি আকৌ!!
তোৰ চিঞঁৰবোৰে সলনি কৰা এখন পৃথিৱী চাবলৈ আহিবি তই...
সেই ৰঙা ফ্ৰকটি পিন্ধি
চকুত কাজল আৰু
ওঁঠত লগাই গোলাপৰ ৰঙা....
তই আহিবি সেই এৰি যোৱা ফুলশয্যাৰ চিঞৰ ঘূৰাই লবলৈ !!!!
তোৰ চিঞঁৰবোৰে সলনি কৰা এখন পৃথিৱী চাবলৈ আহিবি তই...
সেই ৰঙা ফ্ৰকটি পিন্ধি
চকুত কাজল আৰু
ওঁঠত লগাই গোলাপৰ ৰঙা....
তই আহিবি সেই এৰি যোৱা ফুলশয্যাৰ চিঞৰ ঘূৰাই লবলৈ !!!!
No comments:
Post a Comment