Tuesday, 21 November 2017

এবাৰ 'মা' বুলি মাতিবানে...?

-Prajnan Jyoti Bhardwaj.

Pic Source-Pinterest


এতিয়াও কাণ পাতি আছো
নিস্তব্ধতাৰ অসহ্য কোলাহল ভেদী
কিজানিবা আহে ভাহি
তোমাৰ আধাফুটা মাতেৰে 'মা' শব্দটি...
মই জানো, অমূলক এই ধাৰণা, কেনেকৈনো মাতিবা !
তুমি যে ডুব গৈ আছা মোৰ গৰ্ভৰ এন্ধাৰত
হয়তো অন্তহীন, হয়তো অন্তিম শয়নত...
'আমাৰে মইনা শুব এ' বুলি খন্তেক নিচুকাবও নিদিলা
পৃথিৱীৰ পোহৰকণো যে দেখুৱাব নিদিলা
কিয় বাৰু ইমান শুনকালে যাব ওলালা?

মনত পৰিছে মোৰ সেইদিনতোলৈ...
যিদিনা মোৰ জীৱনলৈ তুমি আহিছিলা
বসন্তৰ প্ৰথমতো কুঁহি-পাত হৈ
তোমাক আদৰাৰ যে প্ৰস্তুতি কৰিছিলো কিমান
লৰচৰ কৰি তুমিও দিছিলা নিজৰ উমান
দুচকুত অযুত সপোনেও যে দিছিল উজান ।

পিছে নিষ্ঠুৰ বাস্তৱৰ বানে, সংগোপনে
মাতি আনিছিল মোৰ গৰ্ভত গৰা-খহনীয়া
ভাবা নাছিলো, তুমি যে কষ্ট পাইছিলা...
আৰু মই, ৰয় গৈছিলো ব্যৰ্থ হৈ
তোমাক বিদায় জনাবলৈ
বুকুত হেজাৰ ধুমুহা বলিলেও আজি
দুচকুৰে বাগৰিব নিদিও বাৰিষাৰ ধল...
ধৈৰ্য্যৰ বান্ধেৰে ভেটিম
তুমি নামাতিলেও যেন শুনিম
'মা' নামৰ সেই শ্ৰুতিমধুৰ শব্দটি ॥