Wednesday 8 November 2017

বিপ্লৱ

Pic for Representation purpose



স্মৃতিৰ  সুৰ তোলা বাঁহীৰ মাজত
হাড়ৰ অন্ধকাৰ গড়ালৰ মাজত
যাতনাৰ নিৰ্মল নদীৰ মাজত
হেৰাই গ'ল এটি ঝংকাৰ
ইতিহাস...
চুৰ্ণাকৃত হ'ল
সভ্যতাৰ সাঁকো,মনুষ্যত্বৰ অস্তিত্ব।
নিচিহ্ন হৈ গ'ল,
হাঁহিৰ ফল্গু,সুখৰ পিঞ্জৰা।
তৎসত্বেও তুমি নিমাত কিয়?
কংক্ৰিটৰ এই জংঘলত,
সিঁচি দিয়া তোমাৰ উত্তপ্ত অগ্নিশিখা।
তেতিয়াহে পুনৰ প্ৰতিস্ঠিত হ'ব,
হাঁহিৰ ফল্গু,সুখৰ পিঞ্জৰা।

No comments:

Post a Comment