Sunday 14 January 2018

ৰীত (n, Estonian - Pearl)





ৰীত -
কুঁৱলিসনা শীতৰ উমাল ৰ'দত জিলিকি ৰোৱা 
এটোপাল নিয়ৰৰ মুকুতা ৰীত ..

ৰীত -
শীতল জোনাকত প্ৰাণ পাই হাঁহি উঠা 
শৰতৰ এপাহি সেমেকা শেৱালি ৰীত..

ৰীত - 
গৰমত চাটিফুটি কৰা পৃথিৱীৰ বুকুলৈ 
হেঁপাহৰ ঢল হৈ নামি অহা 
বৰষাৰ কোমল টোপাল ৰীত..

ৰীত - 
আশাভৰা ৰং ছটিয়াই ফুলি উঠা 
একোপাহি ফুলৰ ৰেণুত 
এক মৌসনা উন্মাদনা ৰীত..

ৰীত -
শুকান মৰুভূমিৰ আকাশতো 
নিশা কেন্ ভাচৰ ৰং সানি 
নিঃশব্দে সকলো কথা কৈ যোৱা 
একোটি তিৰ্ বিৰ্ তৰা ৰীত..

ৰীত - 
মোৰ জৰাজীৰ্ণ হৃদয় 
কোমল পৰশেৰে সুবাসিত কৰি 
তোমাৰ দুগালে বৈ অহা
দুটোপাল স্নিগ্ধ চকুলো ৰীত..

ৰীত - 
মৰমবোৰ পুণৰ জীপাল কৰা
এক শান্ত মিঠা হাঁহি ৰীত।।

No comments:

Post a Comment