Friday, 2 March 2018

অব্যক্ত



এপাহি গোলাপ ফুলিছিল
ৰঙা পাপৰিবোৰত কিছু নামহীন আবেগ
এটুপি- দুটুপিকৈ উলমি ৰৈছিল
কেতিয়াৰ বৰষুণ আছিল জানো সেইজাক!

টোপ-টোপ তালৰ সৈতে
চিনাকি চিনাকি যেন লগা
এটি অচিনাকি সুৰৰ সংগম
আৰু যেন এটি নতুন ৰাগৰ অন্তৰা
যিদিনা বাজিছিল মোৰ হৃদয়ৰ চালিখনত
সেইদিনায়ে আহিছিল ছাগে সেইজাক বৰষুণ!
ৰঙা গোলাপ পাহিক
সতেজ কৰি তুলিবলৈ
তোমাৰ ৰৌদ্ৰোজ্জ্বল হাঁহিৰ জলপ্ৰপাতটিত
সহস্ৰৰঙী ৰামধেনু ৰচিবলৈ ।

এক প্ৰথম প্ৰথম যেন লগা অনুভুতি
যেন ফাগুনৰ প্ৰথমজাক পছোৱা
যেন আঘোণৰ প্ৰথমজাক কুঁৱলী
এক অদ্ভুত মায়াসনা ...
সকলো আগৰ দৰেই আছিল, 
তথাপিও যেন অলপ বেলেগ
জীৱনতো যেতিয়া বেছি ভাল লগা হৈ পৰিছিল
সেইয়াই ... কিজানি সেইয়াই প্ৰেম আছিল।

কিন্তু পাহৰি গৈছিলো
গোলাপ পাহিযে ফুলিছিল
শুভ্ৰ এটি হিমখণ্ডত
কি বা লিখা আছে তাৰ গভীৰত!
পঢ়িব চেষ্টা কৰিছিলো জানা
তোমাৰ উপন্যাসৰ অদৃশ্য আখৰবোৰ
হিমাবৃত সেই উকা বগা পৃষ্ঠাবোৰ ...

মইতো সম্পুৰ্ণ মেলি থৈছিলো
মোৰ উপন্যাসৰ প্ৰতিতো পৃষ্ঠা
স্পষ্ট আছিল প্ৰতিতো শাৰী
তুমি এবাৰলৈও পঢ়ি নাচালা নে?
দুচকুত ভিৰ কৰা অব্যক্ত কথাবোৰ
এবাৰলৈও বুজি নাপালা নে?
এৰা ... কোনে জানে!
কিজানি পঢ়িছিলা ...
হয়তো সকলো বুজিছিলা ।

ৰঙা পাহিবোৰ আজিও অপেক্ষাৰত
এদিন হয়তো হিমবোৰ গলিব
গলি গলি উদঙাই দিব
লুকুৱাই ৰখা আখৰবোৰ, সেই পৃষ্ঠাবোৰ
কিন্তু ... কি ঠিক সেই গোলাপ পাহি
সেইদিনালৈ হয়তো যাবগৈ মৰহি ...॥