Saturday 29 September 2018

শৈশৱ

By - Dikshita Gogoi, Jorhat Medical college

Source: Google


শৈশৱ?
দোকমোকালিতে
নিয়ৰ সেমেকা দুবৰিত
ভৰি দি গঠা
শেৱালি ফুলৰ মালা,

বাৰিষাৰ দোপালপিটা বৰষুণত
মেলি দিয়া
কাগজৰ নাও খন,
আঘোণৰ পথাৰত
লেছেৰি বুটলি
ধন ঘটাৰ কণ কণ সপোনবোৰ!

হয়, এয়া শৈশৱৰ মাদকতা,
চিৰসেউজ, সোণোৱালী,
আৰু মধুৰ!

No comments:

Post a Comment