Sunday 30 September 2018

অমানিশা তুমি

-Dharmendra Patowary.

Image source- Google


মোৰ সপোনৰ দাপোনত তুমি 
ৰামধেনু হৈ,প্ৰতিদিনে
প্ৰেমৰ ৰহণ সানি দি যোৱা 

অমানিশা তুমি
তোমাক নেপাওচোন বিচাৰি
মৰিচিকা হৈ কেনিনো হেৰাই যোৱা,
ৰৈ যায় মাথো বুকুত
তোমাক নোপোৱাৰ বেদনা
সপোনৰ দাপোনত
ৰৈ যায় মাথো
তোমাৰ প্ৰতিছবি 
হুমুনিয়াহ, বিষাদ আৰু ৰৈ যায় 
নোপোৱাৰ আবেগৰ প্ৰতিধবনি ।

No comments:

Post a Comment