Sunday, 30 September 2018

ভিলেজ ৰকষ্টাৰ : এক সপোনৰ যাত্ৰা

Ajay Das




এবুকু সপোন আৰু সীমাহীন আশাৰ অন্য এটি নাম "ভিলেজ ৰকষ্টাৰ"। বাস্তৱৰ এটি জীয়া কাহিনী ইমান নিখুঁত ভাবে উপস্থাপন কৰা হৈছে যে ছবি নে তথ্যচিত্ৰ দৰ্শকে মনিবয়ে নোৱাৰে। 

এক নিৰ্ভেজাল, অকৃত্ৰিম, জীয়া কাহিনীয়ে সকলোৰে মাজত প্ৰৱেশ কৰিব ধৰে। এক কাব্যিক গতিৰে চিনেমাখনৰ কাহিনীয়ে গতি কৰে। আৱহ সংগীতৰ প্ৰতিটো সুৰ, প্ৰতিটো দৃশ্য আমাৰ অতিকৈ হৃদয়ৰ কাষৰ, যদিওবা বহুতেই শিপা ডাল পাহৰি পেলাইছে। তথাপিও বহুতৰ বাবে আমাৰ প্ৰকৃত ঠিকনাটোৰ সৈতে পৰিচয় কৰাই দিলে। জীৱনৰ কোনো কোন ক্ষণত বিচাৰি ফুৰা সতেজতা খিনি আপুনি বা মই এই ছবিখনত বিচাৰি পাম। 


ছবিখনৰ সফলতাৰ আঁৰত আছে ইয়াৰ মৌলিকতা তথা নিজস্ব উপস্থাপন শৈলী। গতানুগতিক অসমীয়া ছবি বা আন ছবিৰ ধাৰাৰ পৰা ফালৰি কাঁটি আহি ছবিখনে সূচনা কৰিছে এক নতুনত্ব। কাহিনীৰ গতিৰ লগত আপুনি নিজকে সম্পূৰ্ণৰূপে সমৰ্পন কৰিব লাগিব। 

ধুনুৰ সেই সপোন, তাইৰ লগৰীয়া সকলৰ লগত কৰা খেল-ধেমালি, গাঁৱৰ বোকা-পানী, বানপানীৰ দৃশ্যৰ মাজত আপুনি ক্ৰমে হেৰাই যাব। ধুনুৰ তেজস্বী মন, তাইৰ মাকৰ অদম্য সাহস আৰু তেওঁলোকৰ মৰমে আমাক সপোন দেখিবলৈ শিকায়।

 চিনেমাখনৰ দুটা মান দৃশ্য যেনে ধুনুৰ মৰমৰ ছাগলী জনী হেৰাই যোৱাত তাই বিচাৰি যোৱা, তাইৰ তুলনী বিয়াৰ দৃশ্য, মাকে দেউতাকৰ সাঁতুৰীব নজনা কাৰণে মৃত্যু হোৱা বুলি ধুনুক সাঁতুৰীব শিকোৱা, ধুনুৰ তোলনি বিয়া,  আৰু ধুনুৰ মাকে গীতাৰখন লৈ অহা দৃশ্যাংশ অতি মমনশীল। 

সমাজৰ তথা-কথিত ৰীতি-নীতিৰ প্ৰতি ধুনু বিদ্ৰোহী। ধুনুৱে এবাৰ কাগজ এখনত পঢ়িছিল “যিটো বস্তু তুমি বিচাৰা, সেইটো তুমি এদিন পাবাই” ইয়াকে মূলমন্ত্ৰ ৰূপে তাই তাৰ সপোনক জীয়াই ৰাখিছিল। 

ভিলেজ ৰকষ্টাৰৰ আকাশ, নদী সেউজীয়া গছ বোৰে যেন কঢ়িয়াই ফুৰিছে আশাৰ বতৰা। লং শ্বটত তলৰ পৰা লোৱা শিশু সমূহ আৰু আকাশৰ দৃশ্যৰ মাজত সোমাই আছে যেন আকাশ চোৱাৰ হেঁপাহ। তেনেই চিনাকি নিভাঁজ গাঁৱৰ চিত্ৰায়নত ৰীমা দাস বহু পৰিমাণে সফল। আশা কৰোঁ চিনেমাখনে সৰ্বকালৰ ইতিহাস ভংগ কৰি অস্কাৰতো নিজৰ জয়যাত্ৰা অটুট ৰাখে।

No comments:

Post a comment