Saturday 3 November 2018

অশৰীৰি

By - Sampriti Gogoi

Image source: Google

গতিশীল মানবীৰ মাজৰ স্তব্ধতা মই,
অদৃশ্য মই,অস্পৃশ্য মই,
এৰা !লাভাণ্ডাৰ গন্ধিত বায়ু প্ৰদূষিত কৰা আৱৰ্জনা মই!

ভোগ বিলাসীতাৰ উৎসৱৰ মাজৰ শূন্যতা মই,
অনাদৃত মই,অনপেক্ষিত মই,
পুষ্টিৰ অভাৱত উৱঁলি যোৱা শৰীৰেই যে মোৰ পৰিচয়।


নানাৰঙি সাজ সজ্জা,নিত্য নতুন  বসন,
বৈপৰিত্য মই,
নিৰবস্ত্ৰ মই,সনগ্ন মই,
ভগ্নপ্ৰায় শৰীৰেৰে বিয়পি যোৱা মুখাপৰিহিত ভদ্ৰলোকৰ লুলোপ চাৱনিত ধৰাশয়ী মই।

তথাপি সংগ্ৰামী মই,
উৰেৰাতি এই সংগ্রাম,
ভতুৱা কুকুৰৰ লগত খাদ্য-আশ্রয়ৰ যুঁজ মোৰ,
কিন্তু পোহৰৰ আগমনতেই মাৰ যায় মোৰ অস্তিত্ব,
হৈ পৰোঁ  মই অদৃশ্য আৰু অস্পৃশ্য।
হৈ পৰোঁ মই অশৰীৰি।

No comments:

Post a Comment