Thursday 19 October 2017

মৃত‍্যু কি?

- শ্ৰুতিলেখা দেৱী

Pic for Representation purpose



এক শিল্প, নে এটি কলা?
জীৱনৰ ভগ্নাৱশেষ মৃত‍্যু;
নে জীৱনৰ নতুন আৰম্ভণি মৃত‍্যু?
নে আলসুৱা শুকুলা মেঘে আৱৰি থকা সেই
পূৰ্ণিমাৰ জোনটো মৃত‍্যু?
মৃত‍্যু যে এক সৌন্দৰ্য‍্য!
এই যে বৰষুণে ধুই নিয়া সৰাপাতবোৰ;
শীতকালে নিষ্ঠুৰভাৱে শেষ কৰা সেউজীয়াবোৰ;
এয়া মৃত‍্যু নে নতুন জীৱনৰ আৰম্ভণি?
 মৃত‍্যুৱে যদি নতুনক জন্ম দিয়ে,মৃত‍্যু কেনেকৈ হ'ব পাৰে বিৰহ?
মৃত‍্যু এক মুকুতি!
ফাগুনৰ ৰূক্ষ বতাহৰপৰা মুক্তি!
অন্ধকাৰ আঁউসীৰপৰা মুক্তি!
চাইছেনে কেতিয়াবা, শলিতাই তিলতিলকৈপুৰি পেলোৱা চাকিগছ?
চাকিগছৰ মৃত‍্যু, শলিতাৰ নিষ্ঠুৰ জুইৰপৰা মুক্তি!
তেন্তে মৃত‍্যু কেনেকৈ হ'ব পাৰে অবাঞ্চিত?
মৃত‍্যু যদি সুন্দৰ হয়, মৃতক হ'বলৈ মই সাজু।
মৃত‍্যু যদি শিল্প হয়, শিল্পী হ'বলৈ মই সাজু।
মৃত‍্যু যদি মুকুতি হয়, মুক্ত হ'বলৈ মই সাজু।
মৃত‍্যু যদি নতুন হয়, হে নতুন, তোমাক আদৰণি।

No comments:

Post a Comment