Sunday 5 November 2017

পুনৰ আহিবা ভূপেন দা


Pic for Representation purpose


ভূপেন দা তুমি আহিবা
অগ্নিযুগৰ ফিৰিঙতি হৈ,   
সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি লৈ,
লুইতৰ দু্য়োটি পাৰ জিলিকাবলৈ॥

পাহৰি যাব নোৱাৰো তোমাৰ
অপূৰ্ব ভাষা  সংস্কৃতি কৃষ্টি
আমাৰ হৃদয়ত সদায় উজলি থাকিব
 তোমাৰ অমূল্য সৃষ্টি॥
    
তুমি আহিবা ভূপেন দা 
তোমাৰ তীৰ্থভূমি লৈ
প্ৰতিজন অসমীয়াক
নিজক চিনাৰ শিক্ষা দিবলৈ,
অসমক ৰসাতলে যোৱাৰ পথ বন্ধ কৰিবলৈ
পুনৰ অসম জিলিকাবলৈ॥

তুমি আহিবা তোমাৰ  জন্মভূমিলৈ,
পুনৰ এই তীৰ্থভূমি উজলাবলৈ
ধৰিত্ৰী আই বাট চাই আছে তোমালৈ,
পুনৰ তোমাক কোলাত পাবলৈ॥

(ড° ভূপেন হাজাৰিকালৈ একাঁজলী শ্ৰদ্ধান্জলী)

No comments:

Post a Comment