Saturday, 4 November 2017

শেষ ৰাতিৰ চিঠি


Pic for Representation purpose

প্ৰেয়সী....পৰিচয় নজনাকৈ তুমি জানো মোক প্ৰেম কৰিবা...!!!!
হয়..সিদিনা তুমি একাপ চাহ খাব কোৱা হলে
হয়তো আজি মোৰ কাগজ আৰু নীলা চিয়াঁহীৰ অপব্যয় নহলহেঁতেন...!
.মোৰ দেউতা এজন শৱ পুৰা মানুহ...!
এটা উৎকট গোন্ধ কলিজাত বান্ধি
চটফটাই ফুৰে মোৰ দেউতা....
জ্বলাই নিতৌ একুৰা বিচ্ছিন্ন কামনাৰ অগ্নি..!!

হয়..মোৰ মাৰ জিকমিক শাৰীৰ ভিতৰত
জ্বলি থাকে এটা উলংগ দেহা...আৰু
সপোনৰ আঙুঠা বোৰে ছাই হৈ
কলা সানে মোৰ জোনাক ৰাতিত...!
প্ৰেয়সী..
          তোমাৰ দামী লিপষ্টিকৰ ৰঙটো মোক কবলৈ নাপাহৰিবা...
পিছে মোৰ ৱালেটৰ ওজন খুব কম...
হয়তো নোৱাৰিব ধৰি ৰাখিব তোমাৰ সৌন্দৰ্য্যক...!!

জানা
       কেকটাছ ভাল লাগে মোৰ..!
মোক শিকায় যন্ত্ৰনাত জীয়াই থাকিবলৈ....
আকাশৰ সৰু তৰাৰ প্ৰেমিক মই...!
অনন্ত সি অমানিশাৰ অন্ধকাৰত
জোনাকৰ দৰে পলাই নুফুৰে....
হব আৰু নিলিখোঁ...!
মোক বুজিবলৈ এখনি বগা কাগজ দিলোঁ তোমাক....
আখৰবোৰ চিনি নাপালে কবা
জানাই নহয়...গাঁওৰ লৰা মূৰ্খ লৰা...!!!