Thursday 9 November 2017

অনুভৱ


Pic for Representation purpose



আশাৰ চাকিগছি জ্বলাই
পোহৰৰ সন্ধানত আহৰণ কৰা
জীৱনৰ অনুভৱবোৰ।
যিয়ে কেতিয়াবা কৰি তোলে আনন্দত আত্মহাৰা,
কেতিয়াবা লৈ যায় গভীৰ বেদনাৰ সাগৰলৈ।
মন যায় তেতিয়া জীৱ শ্ৰেষ্ঠ মানুহৰ পৰা গৈ
এটি ক্ষুদ্ৰ পখিলা হৈ উৰিবলৈ
জীৱনৰ এই নিষ্ঠুৰ অনুভৱৰ পৰা মুক্ত হবলৈ।
জোনাক ৰজনীৰ শান্তিৰ পোহৰ বিলোৱা জোনটোলৈ চাই
নিস্তব্ধ শীতল পোহৰত নিজকে বিলীন কৰিবলৈ।
জীৱন নামৰ মৰুভূমিত মৰীচিকাৰ পম খেদি
লাভ কৰা এই অনুভৱবোৰ মায়াজালত বন্দী হৈ,
উমি উমি জ্বলা আশাৰ চাকিগছা লৈ মাথো,
আছে লুকা ভাকু খেলা জীৱনৰ ৰংবোৰ বিচাৰি!

No comments:

Post a Comment